পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
শ্ৰীদেবীভাগবত।

কিন্তু যোগ মায়। বলে হৰণ কৰিল।
সঙ্কৰ্ষণ দেবক ৰোহিণী গৰ্ভে থৈল॥
অটমে দেবকী গৰ্ভে আপুনি শ্ৰীহৰি।
ভুমি তাৰ হৰিবে ভৈলন্ত অৱতৰি॥

জন্ম ৰহস্য॥

জন্মেজয় পুছেদেব কহিয়ে৷ বিশেষ।
কোন কৈত ভৈলজাত কোনকাৰ অংশ॥
ব্যাসদেব কহেৰাজ। কোনদেব অংশ।
কোনকৈত ভৈলজন্ম কহিব বিশেষে॥
কেবলে সংক্ষেপে তাক কৰিব বৰ্ণন।
বসুদেব কাশ্যপৰ অংশত জনন॥
দিতি অদিতিৰ অংশে দৈবকী ৰোহিণী
কালনেমি অংশে কংসবাজ চূড়াননি।
অনন্তৰ অংশে বলোৰাম ভৈল জাত।
কৃষ্ণ ধৰ্ম্ম পুত্ৰ নাৰায়ণৰ অংশত॥
তাহাৰ অনুজ নৰ ভৈলন্ত অৰ্জ্জুন।
ধৰ্ম্মে যুধিষ্ঠিৰ বায়ু অংশে ভীনসেন॥
অশ্বিনী কুমাৰ অংশে মাদ্ৰী পুত্ৰ দুই।
সূৰ্য্য অংশে কৰ্ণ জন্মে বিদুৰ শাই।

.

  • ১৫ *