পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
চতুৰ্থ স্কন্ধ।

এতেকতে তুমি সবে পিতৃ মাতৃ ভৈলি।
ময়ো আজি ধৰি ত্যাগ কৰিলে৷ সমূলি॥
পৃথিবী পাহৰি সবে পাতালত থাক।
নিদ্ৰা আকৰ্ষিয়া বহুবৰ্ষ শুই থাক॥
সেহি সব দৈৱকীৰ গৰ্ভে বৰ্ষে বৰ্ষ।
জন্মে ভৈলে পিতা কালনেমি কৰে নাশ॥
কালনেমি জন্মি কংস ভৈল ইটো যুগে।
এতেকে জন্মিলে মৰে পূৰ্ব্ব কৰ্ম্ম ভোগে
জন্ম গাত্ৰে কংসে ধৰি আছাড়ি মাৰন্ত।
কহিলাম দৈৱকী পুত্ৰৰ আদি অন্ত॥

যোগ মায়া ৰহস্য॥॥

ষষ্ঠ গৰ্ভ এহিৰূপে বিনাশ কৰিল।
দপ্তনৰ গৰ্ভ যোগ মায়া হৰি নিল॥
ৰোহিণীৰ গৰ্ভে নিয়া স্থাপিয়া থৈলন্ত।
লোকে কহে পঞ্চ মাসে গৰ্ভ ভৈল নট॥
কংসেয়ো জানিল পঞ্চমাস গৰ্ভ নষ্ট।
দৈবকীৰ গৰ্ভপাতে মনে অতি হৃট॥
ৰোহিণী গকুলে বসুদেব বন্দিসালে
নাহইবে পুত্ৰ পতি সঙ্গ নাকৰিলে॥