পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
শ্ৰীদেবী ভাগৱত।


পৰে ভৈল হিৰণ্য কসিপু পুত্ৰজাত।
কিন্তু ভৈল জাতিস্মৰ পূৰ্ব্ব কৰ্ম্ম যুক্ত॥
পূৰ্ব্ব শাপ ভয় যেবে মনে উপজিল।
এই জন্মে তপস্যা কৰিবে চলি গৈল॥
পাচে ব্ৰহ্মা তুষ্ট হুই বৰ দিবে গৈল॥
ব্ৰহ্মা বোলে মই পূৰ্ব্বে খঙ্গে শাপ দিল॥
আবে যিবা অভি ৰুচি আমি দিব বৰ।
ছয়োজন মাগ যিবা ইচ্ছা তোমাসাৰ॥
গৰ্ভ বাসী বোলে দেব তুষ্ট ভৈলা যদি।
দিয়োক বাঞ্চিত বৰ দেব প্ৰজাপতি॥
দেব নৰ যক্ষ ৰক্ষ পিশাঞ্চ উৰগ।
গন্ধৰ্ব্ব কিন্নৰ সিদ্ধ ভুত নাগ সৰ্প॥
সৰ্ব্বত্ৰতে সবাহন্তে অবধ্য হইবো।
কাৰো হাতে কৈতো পিতামহ নমৰিবো॥
এত শুনি ব্ৰহ্মা দেব তথাস্তু বুলিল।
বৰ দিয়া পদ্মযোনি নিজ স্থানে গৈল॥
বৰ লভি দৈত্য যেবে গৃহক আসিল।
হিৰণ্য কসিপু ক্ৰোধে বুলিবে লাগিল॥
মোত অপোচনে তোৰা ব্ৰহ্মাক তাপিলি।
ত্ৰিলোকে অবধ্যবৰ প্ৰাৰ্থনা কৰিলি॥