পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
চতুৰ্থ স্কন্ধ।

সাধু সাধু বুলি মন্ত্ৰী সবে প্ৰসংসিল।
কংস এৰি দিল বসুদেব ঘৰে গৈল॥
হেনকালে দেবঋষি কংসৰ গৃহত।
নাৰদ আসিয়া ৰাজা ভৈল উপন্নিত॥
পাদ্য অৰ্ঘে পূজা কৰি নাৰদ চৰণ।
কুশল জিজ্ঞাসি পুচে কেনে আগমন॥
ইষৎ হাস্য কৰি মুনি কহিল বচন।
শুন কংস গৈলো মই হিমালয় স্থান॥
ব্ৰহ্মা আদি দেব তথা মন্ত্ৰণা কৰিছে।
বিষ্ণুক জন্মাবে তোক লাগি বহু গৃহে॥
বসুদেব যোগে পাচে দৈবকী গৰ্ভত।
তোক মাৰিবাক লাগি হইবন্ত জাত॥
এতেকতো ইটো পুত্ৰ কেনে এড়ি দিলি।
জানি শুনি কেনে তাক বধ নকৰিলি॥
কংস বোলে অষ্টমত মোৰমৃত্যু কথা।
শুনিছো আকাশী বাণী পূৰ্ব্বৰ বাৰতা॥
হেন শুনি নাৰদে বুলিলা তাৰ প্ৰতি।
দেব মায়া নাহিবুজ কংস মুঢ়মতি॥
ভাল মন্দ ৰাজ নীতি তাহাকো নজান।
দেৱতাৰ মায়া বল কি কৈৰো ৰাজন॥