পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৩
শ্ৰীদেবীভাগবত।

মৃত্যু হাতে পুত্ৰদান সত্যবাক্য ৰাখি।
সফল জীবন আৰ ধৈৰ্য্যক উপেক্ষি॥
কালৰূপী কংস হাতে পুত্ৰ লই যায়।
অদভূত শক্তি ধন্য জীবন ধৰয়॥
ব্যাস নিগদতি বসুদেব এহিৰূপে।
লোক প্ৰশংসিত হুই শিশু দিল ভূপে॥
মায়া এড়ি জাত পুত্ৰ কংসক অৰ্পিল।
ধৈৰ্য্য দেখি কংসৰায় বিস্ময় মানিল॥
পুত্ৰ লৈই মৃদুহাসি কংসে কহে বাণী।
ধন্য শূৰ পুত্ৰ ভূমি আজি পালো চিনি॥
ইটো সব পুত্ৰে মোৰ মৃত্যু ছায়া নাই।
অষ্টম গৰ্ভত মাত্ৰ মোৰ আছে ভয়॥
ইসবক মই বসু কভু নবধিব।
অষ্টম পুত্ৰক মোৰ হাতে আনি দিব॥
এত কহি বহুদেউক পুত্ৰ পূনুদিল।
আনন্দ লভিল বসুদেব গৃহে গৈল॥
মন্ত্ৰী সমে কংস বিমৰষিয়া বুলিল।
ইসব মাৰিলে মোৰ কিবা ফল ভৈল॥
অষ্টম দেবকীসুত মোৰ মৃত্যুকাল।
প্ৰথমক বধি পাপ অৰ্জ্জা নোহে ভাল॥