পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
চতুৰ্থ স্কন্ধ।


পূৰ্ব্ব কৃত কৰ্ম্ম স্বামী ভুগিবে লাগয়।
তপজপ তীৰ্থ দানে সিটোনোহে ক্ষয়॥
কিন্তু পূৰ্ব্বাৰ্জিত পাপ খণ্ডণ কাৰণ।
ধৰ্ম্মশাস্ত্ৰে প্ৰায়চিত্ত লিখে মুনিগণ॥
ব্ৰহ্মহত্যা স্বৰ্ণস্তেযী সুৰাগুক তল্পী।
দ্বাদশ বাৰ্ষিক ব্ৰতে শুদ্ধিহোৱে পাপী॥
প্ৰায়চিত্ত বিধানত মন্ত্ৰয়ো লিখিছে।
সেহিৰূপে কৰে নৰে গুছে কি নুগুছে॥
ষজ্ঞস্ক আদি ধৰ্ম্মশাস্ত্ৰ কাৰী মনি।
ৰচিয়াছে প্ৰায়চিত্ত বিধান নিয়মি॥
ইসবে নোহয় যদি দৈবসে প্ৰধান।
আয়ুৰ্ব্বেদ মন্ত্ৰবাদ সবে অপ্ৰমাণ॥
অগ্নটোম স্বৰ্গপ্ৰাপ্তি উদ্যোগ নিৰৰ্থ।
ইসব প্ৰমানো যদি হইল অসাৰ্থ॥
কিন্তু ধৰ্ম উচ্ছেদন হয় কোনকালে।
উদ্যোগ কৰিলে সিদ্ধি হয় অবহেলে॥
এতেকতে তাকে কৰা প্ৰবঞ্চনা বুদ্ধি।
যিৰূপে বালক ৰক্ষা পায় মহানিধী॥
মঙ্গল কামত যদি মিছাকথা কয়।
তাতদোষ নাহি মুনি গণে কহিচয়॥