পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
শ্ৰীদেবীভাগৱত।


দৈবকীৰ প্ৰথমগৰ্ভ।॥
পদ

ব্যাস নিগদতি নৃপ দৈবকী সুন্দৰী।
যথাকালে গৰ্ভবতী ভৈল বৰনাৰী॥
দশমাস পূৰ্ণ ভৈল পুত্ৰ প্ৰশবিল।
প্ৰথম সন্তান অতি সুন্দৰ নিৰ্ম্মল॥
হেনকালে বসূদেব আসিয়া বুলিল।
প্ৰতিজ্ঞা কৰিয়া পূৰ্ব্বে তোক মোকোলাইল॥
আবে ইটো পুত্ৰ খল কংস হাতে দিব।
কি কৰিব দৈব লিপি কংসে বিনাশিব॥
বিচিত্ৰ কৰ্ম্মৰ গতি মুনিয়ো নুবুজে।
সবেজীব জন্তুমানে কাল কৰ্ম্মে মজে॥
ভালহৌক মন্দহৌক নিজ উপাৰ্জন।
বিধিৰ নিৰ্ব্বন্ধ জীৱ ভুগয় প্ৰাক্তন॥

দৈবকীৰ খেদ॥

পুত্ৰ স্নেহ লাগি পাচে কান্দন্ত দৈবকী।
বসুদেব মুখচাই বুলিল নিচুকি॥