পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
শ্ৰীদেবীভাগৱত।

হৰি হৰ আদি কৰি, যতসব দেব মানে,
 তুমি শক্তি বিনে বিচলিত।
ধৰণী ধাৰণ শক্তি, অনন্ত প্ৰভুৰো নাই,
 তযু কৃপা নভৈলে কিঞ্চিত॥

বিষ্ণু স্তুতি॥

সমস্ত বিভূতি মূল,  ঐশ্বৰ্য্য ঈশ্বৰী তুমি,
 তযুবলে সকলে বিহৰে।
পৃথিবী কাতৰ বৰ, পাপভৰে নিবন্তৰ,
 তুমিবিনে কোনে ভাৰ হৰে॥
ব্ৰহ্মা কিম্বা আমি বিষ্ণু,  সবাৰ ঈশ্বৰ যিটো
 আৰু ত্ৰিলোকৰ জীব যত।
তোমাৰ শকতি বিনে, কেহো নাহি নাহি মাতা
 তযুবলে কৰিছো প্ৰভূত্ব॥

শত্ৰু স্তুতি॥

বিজ্ঞান নুহিলে মাতা,  কোন ৰূপে ইটো,
 ব্ৰহ্মা দেব কৰয় স্বজন।
লক্ষ্মী বিনে দেব হৰি,  কিৰূপে পালন কৰে,
 যদি তুমি নকৰা বিধান॥