পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীদেবী ভাগৱত।

দেখি হাহাকাৰ কৰি বুলিল পুৰুষে।
কোনোকালে শন্ততি নাই তযু অংশে॥
তুমি আদি তোমাৰ কলাংশ কলা সব।
হুইবেক বন্ধ্যা মই আজি দিলে৷ শাপ॥
এতশুনি মহ৷ লক্ষ্মী জিহ্বাৰ অগ্ৰত।
সৃজে এক কন্যা সৰস্বতী নামে খ্যাত॥
সেহি মহা সৰস্বতী কালে মুনিবৰ।
সৃষ্টি লাগি দুইভাগ ভৈল কলেবৰ॥
বাম অংশ ভৈল লক্ষ্মী দক্ষিণ ৰাধিকা।
হেন দেখি পুৰুষো ভৈলন্ত দুই ভাগ॥
দক্ষিণে দ্বিভূজ শ্যাম মুৰলী বায়ক।
বাম অংশ চতুৰ্ভুজ সাৰঙ্গ ধাৰক॥
পৰে বহুকালে ডিম্ব আপুনি ফাটিল।
কোটি সূৰ্য্য জিনি তৈত শিশু এক ভৈল॥
ইটো জলশায়ী অষ্টভুজা মহাবিষ্ণু।
কৃষ্ণ তেজ ষোড়ষাংশে এহি বিষ্ণু তনু॥
ৰাধা কৃষ্ণ দুইকো দিল গোলকত ধাম।
বৈকুণ্ঠত দিল বিষ্ণু লক্ষ্মী পূৰ্ণ কাম॥
জল শায়ী বিষ্ণু ভৈল সৃষ্টিৰ কাৰণ।
প্ৰতি লোমকুপত ব্ৰহ্মাণ্ড অগণন॥