পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
শ্ৰীদেবী ভাগৱত

বৰাহ ৰূপত হৰি উদ্ধাৰ কৰিল।
পৃথিবী স্বৰূপে স্থিৰ কৰিয়া ৰাখিল॥
ভবিষ্যতে অষ্টাবিংশ কলি আগমনে।
ভৰাপাই পুনু পশো পাতাল ভূবনে॥
কান্দাৰী স্বৰূপে ত্ৰাণ কৰা স্থৰপতি।
দুঃখ দুৰকৰা মোৰ কৰিছো প্ৰণতি॥
ইন্দ্ৰকহে দেবী মই কিকৰিবে পাৰো।
চলা ব্ৰহ্মা স্থানে দুয়ো নিবেদন কৰো॥
এত শুনি ধৰাচলি গৈল ব্ৰহ্মালোক।
দেবৰাজো পাছে পাছে গৈলন্ত তথাক॥
পৃথিবীক আগেদেখি ব্ৰহ্মা বোলে বাণী।
দুঃখ পাই আইলা হেথা ধ্যানে আছো জানি॥
কোনে আছৰন্ত দ্ৰোহ কিবা দুঃখ ভৈল।
কিবা পাপ হেতু পীড়া লভিছা প্ৰবল॥
ধৰিত্ৰী কহয় দেব কৰিআছা মনে।
পাইছোহো ভয় আতি পাপৰ কাৰণে॥
কলিকালে পাপাচাৰী হুবে সৰ্ব্বপ্ৰজা।
সৰ্ব্বদাা বিৰোধী দূৰাচাৰী সবে ৰাজা
পুৰ্ব্বজন্মে বৈৰীসব ৰাক্ষস দুৰ্জ্জন।
চৌৰ হিংসাবৃত্তি ৰত নাহি ধৰ্ম্মে মন॥