পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
চতুৰ্থ স্কন্ধ।

কুলক্ষয় পত্নী চোৰ দৈবৰ কাৰণ
স্বয়ং বিষ্ণু নাৰায়ণ ঈশ্বৰ যিজন॥
দাসৰূপে সদা উগ্ৰসেণক সেবন্ত।
ইসব ব্যভাৰে দেব সংশয় বাঢ়ন্ত॥
ব্যবহাৰে জন্তু সম দেখি নিৰন্তৰ।
হৰ্ষ শোক আদিভাব কিহেতু হৰিৰ॥
হৰি ঈশ্বৰৰ জন্ম কেনে অন্য গতি।
অলৌকিক কৰ্ম্মকৈল পৃথিবীত অতি॥
আয়ুহীন দৈত্যক বধিল মহাক্লেশে।
যবনক ভয়েপাছে পলাইল বিদেশে॥
ৰুক্মিণীক চুৰিকৰি কৈল পলায়ণ।
চোৰ সম আচৰণ কৰে ভগবান॥
জ্ঞাতি গোত্ৰ সমে ত্যাগি মথুৰা মণ্ডল।
জৰাসন্ধ ভয়ে দ্বাৰাবতী পলাইল॥
যদিহৰি স্বয়ঙ্গে ঈশ্বৰ ভগবাণ।
তেবে কেনে নজানিল ইহাৰ কাৰণ॥
ভেবে কি ঈশ্বৰ শক্তি থাকিল হৰিত।
ব্ৰজ গোপালৰ কাৰ্য্য কহিয়ো কিঞ্চিত॥
এহিৰূপে মোৰ বহু সন্দেহ জন্ময়।
আৰু এক কথা মনে গুপুতে আছয়॥