পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
শ্ৰীদেবীভাগবত।

ভীষ্ম দ্ৰোণ কৰ্ণবীৰ বাহিলক বিকৰ্ণ।
বিৰাট দ্ৰুপদ সোমদত্ত ধৃষ্টদ্যুন্ন॥
ইটোসব বধি ভাৰ হৰিল ভূমিৰ।
দস্যুবধি ভাৰকেনে নখণ্ডে ধৰাৰ॥
পতিব্ৰতা কৃষ্ণ পত্নী কেনেদুঃখ পায়।
ইসব সন্দেহে চিত্ত চঞ্চল হোৱয়॥
ধৰ্ম্ম আত্মা বস্তুদেব পুত্ৰলাগি দুঃখী।
তাঙ্ক এৰি কেনে হৰি ভৈল মৃত্যুমুখী॥
কৃষ্ণ ভক্ত পাণ্ডব সৰ্ব্বদা দুঃখ পায়।
ভাগ্যবতী দ্ৰৌপদীৰো দুঃখে কাল যায়॥
লক্ষ্মীঅংশে যজ্ঞ মণ্ডপত যিটো জাত।
স্নানকালে দুঃশাশনে ঘসাইলে কেশত॥
ৰজস্বলা নাৰী সভা মাঝেটানি নিল।
বিৰাট নগৰে আৰু কীচকে খেদিল॥
বনমাঝে জয়দ্ৰথে কৈল অপমান।
পাঞ্চ পুত্ৰ দ্ৰোণী ধৰি কৰিল নিধন॥
বাল্যকালে সুভদ্ৰাৰ পুত্ৰক বধিল।
দৈবকীৰ ছয়পুল্ৰকংসে নিপাতিল॥
সিমতে যাদবকুল শাপতে ডুবিল।
হৰি যদি সমৰ্থ প্ৰাক্তন নখণ্ডিল॥