পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
শ্ৰীদেবীভাগৱত

এহিৰূপে সুখ দুঃখ ভোগ সংসাৰত।
বিধি তন্ত্ৰমতে ৰাজা হোৱন্ত সমস্ত॥
ষোড়শ অধ্যায় জন্ম ৰহস্য প্ৰকাশ।
গাইল গোপালে নিবন্ধিল বেদ ব্যাস॥

জন্মেজয়ৰ প্ৰশ্ন॥

পদ।

জন্মেজয় পুছে কি কৰিলা নাৰায়ণ।
ইন্দ্ৰ বাৰাঙ্গানা যেবে কৰিল কামন॥
অকলে কিৰূপে তুষ্ট কৰিল সবাক।
নতু কিবা অভিশাপ দিল তাসম্বাক॥
ভাতৃনৰে তাঙ্ক যেবে নিবাৰণ কৈল।
দেই বেলা নাৰায়ণে কিকথা কহিল॥
মুনিয়ে শঙ্কল্প কৰি যাহাক স্ৰজিল।
উপযাছি ইন্দ্ৰ স্থানে যাইবে আজ্ঞা দিল॥
ইন্দ্ৰকি বিহাইল তাঙ্ক কিম্বা নাৰাখিল।
কোন মতে উৰ্ব্বশীৰ সংস্থান হুইল॥
ইন্দ্ৰে আৰু যিতোসব পূৰ্ব্বে পঠাইল।
সিসবক নাৰায়ণে কিবা বুজাইল॥