পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
চতুৰ্থস্কন্ধ।

সপ্তবিংশ ত্ৰেতা দশৰথ ৰাজা ঘৰে।
জন্মিলন্ত হৰি শ্ৰীৰাম ৰূপ ধৰে॥
এহি অষ্টাবিংশে নৰনাৰায়ণ অংশে।
শ্ৰীকৃষ্ণ অৰ্জ্জুন ভৈল কুৰু যদু বংশে॥
এহিৰূপে যুগে যুগে হৰি অৱতাৰ।
বহুকালে জন্মে যেন প্ৰাকৃতিক নৰ॥
কুৰু ক্ষেত্ৰে মহাযুদ্ধ কৰিলা দাৰুণ।
ভাৰ হৰিবাক অৱতাৰ কৃষ্ণাৰ্জ্জুন॥
অখিল ভুবন ৰাজ প্ৰকৃতিৰ বশ।
তান যেন ইচ্ছা ভ্ৰমাবন্ত অহৰ্নিশ॥
পূৰ্ব্বে যেবে চৰাচৰ জগত সৃজিল।
তাৰ ভাব বুজা অতি অসাধ্য কেবল॥
নিৰালম্ব নিৰঞ্জন নাম গন্ধহীন
প্ৰকৃতি সংযোগে কৰে উপাধি ধাৰণ॥
কালে ভিন্নৰূপে হয় প্ৰকৃতি প্ৰকাশ।
প্ৰকৃতিৰ হস্তে সৃষ্টি স্থিতি কালে নাশ॥
কল্পান্তে সংসাৰে সেহি ত্ৰিগুণ পৰমা।
তাৰ বলে স্বজে ব্ৰহ্মা বিষ্ণুয়ে পালনা॥
কাল ভৈলে ৰুদ্ৰো কৰে সবে সংহাৰণ।
তাৰ আদিমূল আৰু নাহি কোনজন॥

  • ১২*