পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
শ্ৰীশ্ৰীদেবী ভাগবত।

পাপত লাগন্ত জুই শুখ আগমন।
হৰিগুণ লীলানুনি কৰিয়ো কীৰ্ত্তন॥
ব্যাস দেব কহেশ্তনা অবতাৰ কথা।
কোন যুগে কোন ৰূপে ভৈলন্ত সৰ্ব্বথা॥
কোন মন্বন্তৰে কোন কাৰ্য্য উপক্ষিয়া।
নাৰায়ণ অবতাৰ কহো সংক্ষেপিয়া॥
চাক্ষুৰ মনুৰ দিনে নৰ নাৰায়ণ।
ধৰ্ম্মৰ তনয় দুই ভৈল অবতীৰ্ন্ন॥
এহি বৈবস্বত কালে দ্বিতীয় দ্বাপৰে।
ব্ৰহ্মাৰ নন্দন অত্ৰি ভাৰ্য্যাৰ উদৰে॥
দত্ব ত্ৰেয় নামে পাছে ভৈলা অবতাৰ।
অনসুয়া নামে ভাৰ্য্যা পাৰ্থিলন্ত তাৰ॥
ব্ৰহ্মা বিষ্ণু মহেশক পুত্ৰবাঞ্চা কৈল।
তিন দেন তিনিঅংশে জনম লভিল॥
সোমৰূপে ব্ৰহ্মা, দত্বাত্ৰেয় স্বয়ংহৰি।
ৰুদ্ৰ ৰূপে দুৰ্ব্বাস, ভৈলন্ত অবতৰি॥
চতুৰ্থে নৃসিংহৰূপ স্তম্ভৰ ভিতৰ।
হিৰণ্যকসিপু বধ কৈলা গদাধৰ॥
পঞ্চমত বামন ত্ৰেতাত ছলি বলী।
একবিংশ ত্ৰেতা পৰশুৰাম মহাবলী॥