পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
শ্ৰীশ্ৰীদেবী ভাগৱত।

তথাপি কৰ্ম্মাত্মা দেব কহে জ্ঞানীজন।
দেবতা ধৰ্ম্মত আছে বোলে সৰ্ব্বজন॥
জয়ন্তীক চাটু কৰাই ধৰ্ম্ম ভৈল ক্ষয়।
তথাপি বাসব ধৰ্ম্মাবন্ত বুলি কয়॥
দেবতাৰ মধ্যে দেখো যতেক অকথা।
তাৰ শত গুণ নৰলোকে নাহি মাতা॥
আকে চাই জগদ্ধাত্ৰী যিবা ইচ্ছা কৰা।
সবে দৈত্য শৰনীয়া ৰাখা কিম্বা মাৰা॥

দেবীৰ উত্তৰ॥

পদ।

প্ৰহ্লাদৰ স্তবে তুষ্ট ভৈলন্ত ভবানী।
কহিল পাতালে বাস কৰহ এখনি॥
নিৰ্ভয়ে বিৰহ তৈত যেনে খুচি হয়।
কাল অপেক্ষিয়া সবে থাকিবে লাগয়॥
অলোভীৰ সুখ দৈত্য সৰ্ব্বত্ৰে আছয়।
লোভী হুই ত্ৰিদস পতিত্ত দুঃখ পায়॥
সুখ দুঃখ নুভুঞ্জিলে স্পৃহা নপলায়।
এতেকে পাতালে আবে পশিয়ো সবায়॥