পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
চতুৰ্থ স্কন্ধ।

দুৰ্জন সুজন পুত্ৰ মায়েৰ সমান৷
সিমতে তোমাৰ দেব দৈত্যে নাহি ভিন্ন।
যিৰূপ হউক দৈত্য তোমাৰেসে পুত্ৰ
বিশ্বব জননী তুমি আদিমূল সূত্ৰ॥
দেবতা যিৰূপ সদাকাল আত্মস্বাৰ্থী।
দানবো সিৰূপে নিজ উপকাৰ অৰ্থী॥
মোহজালে দৈত্য দেবতাৰ অন্তৰ নাই।
দিবানিশি ধনদাৰাপত্য লোভে ৰয়॥
দেবতা কশ্যপে জাতআমিও তাহাতে।
এতেকে তোমাৰ মাতা বিৰোধ কিমতে॥
তোমাতে উদ্ভব আই জগত সংসাৰ।
বিহিত নহয় মাতা বিদ্বেষ তোমাৰ॥
দেব অসুৰক সময়ন্তি কৰা যোগ্য।
এহিসে বিহিত কাৰ্য্য তোমাৰ উচিত॥
দেবনৰ সবে আই গুণতে উৎপত্তি।
দেবদৈত্য দেহধাৰী সগুণ প্ৰকৃতি॥
কাম ক্ৰোধ লোভ মোহ সৰ্ব্ব দেহে স্থিত।
এতেকতে অবিৰোধী জন আছে কৈত॥
তুমি আমাসাক দ্ৰোহী মানিছা জননী।
দেখিযুদ্ধ বিসম্বাদ বিভৰ কাৰুণি॥