পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
চতুৰ্থ স্কন্ধ॥

কিকৰিব কিহইল আইল নাৰায়ণী।
নজানো কিকৰে আজি মহেশ মোহিণী॥
দেবক ৰাখিবে লাগি চণ্ডিকা আসিল।
এহি ৰূপে পৰষ্পৰে বিচাৰ কৰিল॥
মহিষ মৰ্দ্দিনী চণ্ড মুণ্ড বিনাশিনী।
সকলোকে ধ্বংস আজি কৰিবে ভবাণী॥
যাহাৰ কটাক্ষে মধুকৈটভ নিহত।
অম্বিকা সবাকে আজি কৰিবে বিঘাত॥
এতেক আতুৰ দেখি দৈত্য সমস্তক।
সম্বুধিয়া প্ৰহ্লাদে বুলিলা তাসম্বাক॥
যুদ্ধ নাকৰিহ নপলাহ দৈত্য যত।
পলায়ণ আৰু তাঙ্ক বাক্য অনুচিত॥
ইৰূপ কৰিলে জগদ্ধাত্ৰী ক্ৰুদ্ধা হুইবে।
চক্ষু পলকতে সৰ্ব্ব সংহাৰ কৰিবে॥
দুঃখ নোহে হেন কাৰ্য্য কৰিবে লাগয়।
পাতালে পশহ সবে তেবে ৰক্ষা হয়॥
সেই হেতু তাঙ্ক স্তুতি নতি কৰি চাও।
তান আজ্ঞা লই সবে পাতালত যাও।॥