পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
চতুৰ্থ স্কন্ধ।

মোক্ষ কামী সঙ্গএৰি,  মান সুখত্যাগ কৰি,
 সংসাৰ সমুদ্ৰে হোৱে ত্ৰাণ।
তুমি জগতৰ ধাত্ৰি  নিজ বীৰ্য্যে কৰি সৃষ্টি,
 বিষ্ণুৰূপে কৰাহা পালন॥
কলিৰূপ ধৰি কালে,  তহাৰ কৰাহা ভালে
 চৰাচৰ অখিল জগত৷
মূঢ়জনে কিবা শক্তি,  বৰ্ণিবাক ভগবতী,
 তযুইচ্ছা বিচিত্ৰ চৰিত॥
অজভব হৰি যম,  বৰুণাগ্নি সূৰ্য্য সোম,
 আমি ইন্দ্ৰ মুনিয়ো নজানে।
আগম নিগম শান্ত,  নজানে তোমাৰ ধাৰ্য্য
 মহা ভাব বেদেয়ো নিচিনে॥
তযু ভক্তি ৰত যিটো,  জগততে ধন্য সিটো,
 সিটো জন পৰম মহন্ত।
তযুভক্তি হীন বিটো,  সিটো জন কদাপিতো,
 ভব সমুদ্ৰত নতৰন্ত॥
শীতল ব্যজন বাত,  চামৰে ধুলাই যাক্‌,
 ডোলা ঘোড়া শিবিকা বহিল।
ভৈল সিটো ধন্য ধন্য,  ভাজনন্ত অনুক্ষণ,
 পূৰ্ব্ব জন্মে বহু তপ কৈল॥