পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
শ্ৰীশ্ৰীদেবী ভাগবত

নিৰাশ্ৰয় দৈত্য আবে শাপ দিয়াইলো।
শীঘ্ৰেৰণ সাজিবাক তোমাক বুলিলো॥
গুৰু বাক্য শুনি ইন্দ্ৰ আনন্দ লভিল।
সকলে দেবতা মিলি গুৰু পূজা কৈল॥
ৰণ সাজ কৰি গৈল দানবক ধাই।
দেবে খেদি আসে দেখি অস্থৰো সাজই॥
পাচে গুৰু ঘৰে গই গুৰু নেপাইল।
গুৰু অন্তৰ্ন্ধান এবে ঘোৰ চিন্তা ভৈল॥
কোৱা কুই কৰে সবে মায়াই মোহিল।
তাৰ মাযা মোহে নিজ গুৰুকো এৰিল॥
কষ্ট মনে নিজ গুৰু ঘৰে গৈল চলি।
কপটীয়া পাপী গুৰু বঞ্চিল সমূলি॥
ভাই বোয়াৰীত খাই অন্তৰে মলিন।
বাহিৰে দেখান্ত শুচি ইজনো তেমন॥
কিবা কৰো কি উপায় আবে কৈক যাও।
কোপ ভৈল শুক্ৰ গুৰু কোন লাজে যাও॥
ভয়তে বিহ্বল সবে প্ৰহ্লাদক লৈল।
প্ৰহ্লাদক আগ কৰি শুক্ৰ স্থানে গৈল॥
শুক্ৰৰ চৰণে ধৰি প্ৰণাম কৰিল।
নমাতন্ত শুক্ৰ পাচে মৌন ধৰি ৰৈল॥