এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
চতুৰ্থ স্কন্ধ।
মায়াবী কুহকী দৈত্য গুৰুনহ তুমি
এতবুলি ভাৰ্গবক ভৎৰ্সিল নাজানি॥
ছদ্মবেশী গুৰুক দানবে সবে লৈল।
প্ৰীতিমনে দণ্ডবত প্ৰণিপাত কৈল॥
হেনদেখি ভাগবৰ অগ্নি উঠলিল।
ক্ৰোধে দানবক শুক্ৰে অভিশাপ দিল॥
মুৰ্খদৈত্য বৃহস্পতি বঞ্চনাত ভুলি।
মই বুজাইলো যত নুশুন সমুলি॥
এতেকতে জ্ঞানহীণ পামৰ দুৰ্জন।
দেবতাত পৰাজয় হয়ো সৰ্ব্বজন॥
মোহোক অবজ্ঞা ফল অল্প কালে পাবি।
তেবেসে কপট কাৰ্য্য পৰিজ্ঞাত হবি॥
ব্যাস নিগদতি ৰাজা শুক্ৰে এত কহি
আপোন আলয়ে গৈল ক্ৰোধে শ্বাস বহি॥
ৰঙ্গ মনে বৃহস্পতি তথাতে ৰহিল।
দানব সবক যেবে শুক্ৰে শাপ দিল॥
বেশ এৰি বৃহস্পতি ভৈল নিজ ৰূপ।
ইন্দ্ৰৰ আগত গই কহিল স্বৰূপ॥
দানবৰ সঙ্গে ইন্দ্ৰ কৃত কাৰ্য্য ভৈলো৷
শুক্ৰে শাপ দিল আক ময়ো ত্যাগ কৈলো॥