পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
শ্ৰীশ্ৰীদেবী ভাগৱত

ভৈলন্ত বিস্ময় সবে শুক্ৰ কোনজণ।
নিশ্চয় কৰিবে নাহিপাৰে দৈত্যগণ॥
হেনদেখি শুক্ৰে পুনু দৈত্যক বুলিল।
ইতোজণ বৃহস্পতি মোৰ বেশকৈল॥
তোমাক বঞ্চনাকৰে দেবকাৰ্য্য লগি।
তাহাঁক বিশ্বাস কৰি হইবা দুঃখ ভাগি॥
পাইআছো মহাবিদ্যা তোমাক শিখাবো।
তাৰবলে দেবতাক জিয় কৰিবো॥
এহিজানে ফাকিকৰি দৈত্যক বঞ্চয়।
এতেকতে তাৰবাক্যে নযাও প্ৰত্যয়॥
হেনশুণি ভণ্ড শুৰু কহিবে লাগিল।
আমি শুক্ৰ বিশ্বাস কৰহু দৈত্যবল॥
ঐহন্তে ইটোজনে বাহিৰ কৰিয়ো।
ইহাৰ কথাত কেহ প্ৰত্যয় নাযায়ো॥
তাতপাছে কাব্যে বহুমতে বুজাইল।
বৃহস্পতি মায়াজালে দানব বিভোল॥
এতেক নিশ্চয়কৰি দানবে বোলয়।
সত্য ধৰ্ম্মগুক ইটো হিত বুদ্ধিদেয়॥
দশবৰ্ষ সৰ্ব্বদা আমাৰ সুখ নাই।
মিথ্যাবাদী যাহ আমাদাৰ গুৰুনুই॥