পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
শ্ৰীশ্ৰীদেবী ভাগবত।

ভোগৰত ব্ৰাহ্মণৰো পশুহিংসা কৰ্ম্ম।
জিহ্বাস্বাদ লিপৃসা দেখাইছে বেদধৰ্ম্ম॥
জিহ্বাস্বাদ তৃপ্তিকামে অহিংসা হোৱন্ত।
এহিসে উত্তম শাশ্বতিক বেদমত॥
এহিমতে বেদনিন্দা ৰূপ বাক্যচয়।
কতে বৃহস্পতি শুভশুনি সবিস্ময়॥
মনেভাবে গুৰুমোৰ হিংসাযে নিশ্চয়।
বঞ্চনা কৰিছে ধুৰ্ত্ত মোৰ শিষ্যচয়॥
ধিক্ লোভ পাপবীজ নৰক আৰ্জ্জিল।
মোৰৰূপ কৰিযিটো ইহাঙ্ক পাঞ্চিল॥
বচনে প্ৰমাণ সিটো পাষণ্ড অধম।
ধৰ্ম্মবন্ত জনে কৰাইলন্ত ব্যতিক্ৰম॥
হুৰগুৰু সৰ্ব্বধৰ্ম্ম শাস্ত্ৰ প্ৰবৰ্তক।
কিহেনো নাটিছে তাঙ্ক লোভ ভৈল ধিক॥
ছদ্ম কৰিঅন্য লোক গুৰুৰূপ হয়
নহয় পণ্ডিত সিটো পাষণ্ড নিশ্চয়॥
উত্তম ব্ৰাহ্মণ যদি পতিগ্ৰাহী হয়।
পাতকে মেৰাই তাক ধৰিল নিশ্চয়॥
মোহোৰ যাজক সবে কহিছন্ত মুঢ়।
শিখাইছে বাক্য বেদ মাৰ্গৰ বিৰুদ্ধ॥