পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
শ্ৰীশ্ৰীদেবী ভাগবত।

শুক্ৰনো আসিল কোন কালে তাতপৰে
কহিয়ো আখ্যান পিতামহ সবিস্তাৰে॥
ব্যাস কহে শুনা তৈত গুৰু যিকৰিল।
কাব্য ৰূপ ধৰি যেবে ছলিবাক গৈল॥
মই নিজ গুৰু শুক্ৰ বুলি প্ৰবোধিল।
দেখি শুক্ৰ ৰূপ দৈত্য প্ৰত্যয় কৰিল॥
বিদ্যা লাগি মহেশক তপস্যা কৰিলো।
শিব অনুগ্ৰহে মহা মোহ বিদ্যা পালো॥
এহি মতে বৃহস্পতি বঞ্চনা কৰিল।
তৃষিত দানব কুল বিশ্বাস কৰিল॥
হেথা দশ বৰ্ষ শুক্ৰে প্ৰতিজ্ঞা পূৰিল
গুপ্ত ভাবে জয়ন্তী সহিত বিহৰিল॥
যজমান লাগি আবে মনে চিন্তাকৰে।
সবে মোতে আশা কৰি আছে নিৰন্তৰে॥
বাট চাই আছে মোক দেখিছো সাক্ষাতে
ভয়াতুৰ শিষ্য মোৰ দেখো গই তৈতে॥
মোৰ শিষ্যে দেবতাক আৰু ভয় নাই।
এহি বাক্য দৈত্য সবে কহিবো বুজাই॥
এত মনে ভাবি শুক্ৰ জয়ন্তীক বোলে।
দেব সমে উপশান্ত কৰো শিষ্য দলে॥