পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
শ্ৰীশ্ৰীদেবী ভাগৱত!

যোগ নিদ্ৰা ধৰি কৰে অনন্তে শয়ন।
কালে স্বভাবতে পুনু হয় জাগৰণ॥
ব্ৰহ্মা বিষ্ণু হৰি ইন্দ্ৰ মুনি ঋষি দেব।
নিজ পৰমায়ু মতে বিহুৰন্ত সব॥
নিশা ভৈলে ঘুমে জীব প্ৰভাতে উঠয়।
ৰাত্ৰি পুহাইলে পুনু বিশ্ব সৃষ্টি হয়॥
আয়ুশান্তে ব্ৰহ্মা বিষ্ণু শিব ইন্দ্ৰ আদি।
সবে ক্ষয় প্ৰাপ্ত হয় জন্মে পুনৰপি॥
এতেকে দেহীৰ ধৰ্ম্ম কামাদি সঞ্জাত।
নুহিকে বিস্ময় একো সন্দেহ ইহাত॥
কাম ক্ৰোধ আদি গুণে সংসাৰৰ চিত।
মুক্ত পৰমাৰ্থিক পুৰুষ আছে কৈত॥
যিজন আছয় হেন গৃহ নাহি কৰে।
সঙ্গ ত্যাগি মুক্ত হুই সংসাৰে বিহৰে॥
বৃহস্পতি ভাৰ্য্যা নৃপ চন্দ্ৰে হৰি নিল।
ভাতৃ বধু দেব ভাৰ্য্যা গুৰুয়ে হৰিল॥
ইৰূপে সংসাৰ ৰাগে লোভে মোহে মজে।
গৃহস্থী হুইলে কৈত মুকুত সহজে॥
এতেকতে সৰ্ব্ব ত্যাগি সবাৰঈশ্বৰী।
চিদানন্দ ৰূপী পূৰ্ব্ব ব্যাপী সৰ্ব্ব সৰি॥