পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
চতুৰ্থ স্কন্ধ।

নেদেখয় শুক্ৰতথা কৈতবা আছন্ত।
কিন্তু শুক্ৰ গুপ্তভাবে জয়ন্তী খেলন্ত॥
মনদুঃখে দৈত্যসব, বিমৰিষ ভৈল।
পুনু পুনু বিচাৰিয়া গুৰুক নপাইল॥
অদৃশ্য হুইয়া শুক্ৰ যৈত তৈত ৰমে।
পালতিল দৈত্যসবে মনোদুঃখ ক্ৰমে॥
শুক্ৰ গোপ্যে খেলা মগ্নইন্দ্ৰ জানিপাইল।
বৃহস্পতি গুৰুসমে পৰামৰ্ষ কৈল॥
আত পৰে কিকৰিব কহা গুৰুবাপ।
দশ বৰ্ষ মাত্ৰ শুক্ৰ ৰাখিবে কন্যাক॥
এতেকতে তুমিদেব শুক্ৰ ৰূপধৰা।
লোভ লগাই দানব সবক মুগ্ধকৰা॥
ইন্দ্ৰ বাক্য শুনিগুৰু শুক্ৰ ৰূপধৰি।
দৈত্যৰ নগৰে প্ৰবেশিল শীঘ্ৰকৰি॥
গুৰু আসিবাক দেখি দানব সমস্ত।
ভক্তি কৰি স্তুতি পূজা কৰে চৰণত॥
সমস্ত অসুৰে আসি মন্দিল চৰণ।
মায়ায় মুহিত চিনিবাক শক্তি হীন॥
শুক্ৰ ৰূপ বৃহস্পতি অভেদ্য কেবল।
শুক্ৰ সম বাক্য পাচে কহিবে ধৰিল॥