পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
শ্ৰীশ্ৰীদেবী ভাগৱত

O
কলাপাত ব্যজনিত বিছিবাক লৈল।
স্নিগ্ধ সুবাসিত জল পান হেতু দিল॥
দুপৰ হইলে বস্ত্ৰছায়া দান কৰে।
বৃক্ষপত্ৰে ছালিবান্ধি দিল নিজ কৰে॥
সুমধুৰ দিব্য পক্ক ফলমুল আনি।
ভক্তিকৰি মুনি অগ্ৰে গুছান্ত বাকলি॥
শুষ্ক কুশাসন পাতি বিগত প্ৰমাণ।
নিত্য কৰ্ম্ম লাগি পুষ্প কৰন্ত সাজণ॥
মৃদু মৃদু সুকোমল বৃক্ষৰ পল্লব৷
নিদ্ৰা লাগি শয্যা সাজ কৰন্ত উত্তম॥
দেহ শীত কৰিবাক মৃদু বায়ু কৰে।
অপ্লকৰি বিছনি বিছন্ত সুক্ষা তাৰে॥
শাপভয়ে জয়ন্তী মুনিক ডৰকৰে।
সবিকাৰ হাব ভাব কিঞ্চিতো নকৰে॥
মুনিপ্ৰীতি লাগিমাত্ৰ কৰেস্তুতি নতি।
মঙ্গল কামনাা আনুকুল ভিক্ষা প্ৰাৰ্থী॥
নিদ্ৰা জাগৰিত ভৈলে মুখ ধৌত লাগি।
জল আনি দিয়ে কন্যা ভকতি সোহাগী॥
ইন্দ্ৰে পাঞ্চিআছে আৰু অনেক সেবক।
জিতেন্দ্ৰী মুনিৰ কাম তৃষা লগাইবাক॥