পাটবাউসীতে নিগাজী সত্ৰ থাপন কৰি শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ স্থূল মৰ্ম্মানুসাৰে বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰি আছিল। হিড়িম্বৰ ৰজাই শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্ম গ্ৰহণ কৰিবৰ ইচ্ছা প্ৰকাশ কৰাত, মাধৱ দেৱৰ হতুৱাই শঙ্কৰদেৱে সেই ৰজাক ধৰ্ম্ম দিয়াইছিল। চিলাৰায় দেৱানে ৰামৰায় আতাৰ কন্যা ভুবনেশ্বৰী পত্নীৰপৰা শঙ্কৰৰ গুণ শীল শুনি শঙ্কৰক মতাই নি বৈষ্ণৱধৰ্ম্ম গ্ৰহণ কৰি শঙ্কৰদেৱেৰ শিষ্য হৈছিল। শঙ্কৰৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম্মৰ প্ৰভাৱ বেছি হৈ ব্ৰাহ্মণ - সকলৰ অৱলম্বিত তন্ত্ৰোক্ত ক্ৰিয়াকলাপৰ ব্যাঘাত হোৱাত ব্ৰাহ্মণ সকলে শঙ্কৰদেৱক দ্বেষ কৰিবলৈ ধৰিলে। কোচবেহাৰৰ ৰজা নৰনাৰায়ণক ব্ৰাহ্মণসকলে শঙ্কৰৰ বিপক্ষে নানা কথা লগাবলৈ ধৰাত ৰজই পাটবাউসীৰপৰা শঙ্কৰদেৱক ধৰাই নিবলৈ মানুহ পঠিয়ালে। এই বাতৰি পাই তাৰ আগেয়েই চিলাৰায় দেৱানে শঙ্কৰদেৱক লৈ গৈ নিজৰ ঘৰত থৈছিল*। তাৰ পিছত দেবানৰ
অন্ততৰে যেন ভৈল তাক শুনিয়োক |
ৰাজাৰ আগত খল দিলে বিপ্ৰলোক। |