দেখি গোঁসানীৰ আগত বলি দিবলৈ পাঠা আমি দিয়াটো তেওঁৰ
পক্ষে অসম্ভৱ কাৰ্য্য হৈছিল। দিনৌ মাধৱে বৈনায়েকক “পাঠা
আনিছা নে" বুলি সোধে, আৰু বৈনায়েকে ঘুৰাই পকাই সেট
কথাৰ ঠিক উত্তৰ নিদি "বিচাৰিছোঁ” “আনিম” ইত্যাদি কথা কৈ
গা সাৰে। দুৰ্গা-পূজাৰ ওচৰ চাপিল। এদিন মাধৱে বৈনায়েকেৰে
সৈতে মজিয়াত বহি ভাত খাওঁতে খং কৰি বৈনায়েকক
সুধিলে—
“হোঁকোৰাকুচীয়া তুমি বুদ্ধিত পগল।
কিয় আনি নেদা মোক পূজাৰ ছাগল?”
এই দৰে কৈ মাধৱে বৈনায়েকৰ ওপৰত বৰকৈ খং কৰিলত, বৈনায়েকে তেওঁক উত্তৰ দিলে,—
“আমাৰ আগত দেখোৱাহা বৰগোট।
শঙ্কৰৰ আগত হৈবাহা লোটসোট॥”
এই উত্তৰ শুনি মাধৱে আচৰিত হৈ বৈনায়েকক শুধিলে, "মোতকৈ ও কোনোবা ডাঙ্গৰ পণ্ডিত আছে নে?” ৰামদাসে উত্তৰ দিলে “তুমিয়ে নিজক বৰ পণ্ডিত বুলি অহঙ্কাৰ কৰা হবলা? বাৰু কাইলৈ তোমাক শঙ্কৰদেৱৰ ওচৰলৈ লৈ যাম।” মাধৱে এই কথাত মান্তি হৈ পিছদিনা ৰাতিপুৱা স্নান কৰি গুৱা পান লৈ ৰামদাসেৰে সৈতে নৈ পাৰ হৈ শঙ্কৰৰ থান পাই শঙ্কৰদেৱৰে সৈতে সাক্ষাত কৰিলে। ৰামদাসে শঙ্কৰদেৱৰ আগত মাধৱৰ পৰিচয় দিলত শঙ্কৰে কলে “এৰা, মনোৰমা বাইৰ পুত্ৰ বৰ এটা হৰ্ল; মূৰে মূৰে ঠেকা লাগিলেও চিনি নেপাওঁ।
”