পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
লৱ-কুশৰ যুদ্ধ


অথিৰ জীৱন দেহা জানি এৰা আৰ।
সচিতে সপােনে ৰাম বুলি হােৱা পাৰ ॥ ৩৯৫
পাপীসব নিস্তৰিল জানা ৰামনামে।
শিলাও মানুষ হয় ৰাম পৰশনে।।
হেনয় ৰামৰ পদযুগে নৌকা কৰি।
সংসাৰত পাৰ হােৱা ৰাম নাম স্মৰি ॥৩৯৬
যত দেখা ভাৰ্য্যা পুত্র সবে অকাৰণ।
সপােনৰ নিধি যেন জীৱন মৰণ।।
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক ছাৰােক ডাকি বােলা ৰাম ৰাম ॥৩৯৭

(সমাপ্ত)