পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭
লৱ-কুশৰ যুদ্ধ

বাল্মীকি খষিৰ আগমন আৰু শ্ৰীৰামচন্দ্ৰ আদিৰ সসৈন্যে জীৱন-দান

এহি বুলি সীতা আই বহুত কান্দন্ত।
হেন সময়ত আসি বাল্মীকি পাইলন্ত ॥৩৮০
সীতাৰ ক্ৰন্দন দেখি আপুনি পুছিলা।
কি কাৰণে আই বৰ শােকাৱিষ্ট ভৈলা ।
লৱ কুশে বোলে প্রভু চৰণে প্রণাম।
তোমাৰ প্ৰসাদে প্রভু জিনিলাে সংগ্রাম ॥৩৮১
ঘােৰা ধৰি লৱে বৰ লগাইলা কন্দল।
তাক খেদি আসিলা ৰামৰ সৈন্যদল।।
সবান্ধৱে ৰামক যে কটকে সহিত।
তােমাৰ প্ৰসাদে প্রভু জিনিলাে ৰণত।। ৩৮২
বাল্মীকি বোলন্ত কথা ভৈলা অথন্তৰ।
নিচিনিয়া বাপে পোৱে কৰিলা সমৰ ।।
যি বেলাত ৰামদেৱ প্ৰচণ্ড প্রতাপ।
সীতাৰ যে স্বামী ৰাম তোমাৰ যে বাপ ॥৩৮৩
মাৰিলাহা শত্রুঘ্ন লক্ষ্মণ ভৰত।
ৰামৰ কনিষ্ঠ যে তােমাৰ খুল্লতাত ।।
আক লাগি পটন্তৰ কিছু কিছু আছে।
জীয়াইবাক লাগি ঋষি চিন্তিলন্ত পাচে॥৩৮৪
এহি বুলি ঋষিৰাজ গৈলা আগবাঢ়ি।
লৈলন্ত অমৃত কিছু কমণ্ডলু ভৰি ।।