পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
লৱ-কুশৰ যুদ্ধ

লৱ-কুশক দেখি শ্ৰীৰামচন্দ্ৰৰ স্নেহ আৰু পৰিচয় জিজ্ঞাসা

নাক মুখ আখি দেখি হেনয় আকলি।
সীতাৰ গৰ্ভত ভৈলা আমাৰ ছৱালি॥
আগবাঢ়ি পুছি তাৰ ভাল মন্দ বুজো।
জিজ্ঞাসা কৰিয়া পাচে সাৱধানে যুজো ॥৩২২
এহি বুলি ৰাম গৈয়া চাপিলন্ত পাশ।
দুহান্তক চাহি পাচে তুলিলন্ত হাস॥
কিছু কথা পুছিবাৰ মােৰ ভৈল ইচ্ছা।
স্বৰূপ কহিবা তেবে নুবুলিব মিছা ॥৩২৩
কিবা জাতি তােমাসাৰ থাকা কোন ঠাই।
কিবা নাম তােমাসাৰ কোনবা বােপাই॥
কোনে হেনমতে শিকাইলেক ধনুশৰ।
কহিয়ােক কথা শােক খণ্ডায়ােক মোৰ॥৩২৪
লৱ-কুশে বােলে তেবে শুনা মােৰ বাক।
নকৰিবা লােভ মােহ পৰৰ ভাৰ্যাক॥
পৰৰ আশাক ভঙ্গ নকৰা সমূলি।
পাইলেও এৰিবা ব্ৰাহ্মণৰ বিত বুলি ॥৩২৫
এহি উপালম্ভ কৰি হাসে দুয়ো ভাই।
তোমা সম ভয়াতুৰ সংসাৰত নাই॥
সমৰাজ্যে মৰাই তুমি আপােনাক ৰাখা।
লােণ-নাৱ তল গৈল অঙ্গুলিক চাখা ॥৩২৬