পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
লৱ-কুশৰ যুদ্ধ

দীঘল ডাঙৰ এক প্ৰহাৰ পৰ্ব্বত।
তুলিয়া মাৰিলা লৱ কুশৰ গাৱত॥
পৰ্বত আসয় দেখি দুই সীতা-সুত।
শৰে হানি পৰ্বত কৰিলা চূর্ণাকৃত ॥৩১২
পুনৰপি কুশে আৰাে পাঞ্চ শৰ হানি।
হনুমন্ত বাৰক ভেদিলা শৰ টানি॥
শৰে ফুটি মূৰ্চ্ছা যাই পৰে কপিৰাজ।
পলাইলা কটক সব ভাঙ্গিয়া সমাজ ॥৩১৩

দূতৰ ভৰত নিহত বার্তা শ্ৰীৰামচন্দ্রক জ্ঞাপন

কতাে কতো লােক পলাই গৈলা অযােধ্যাক।
কৰযােৰ কৰি বােলে নৃপতি ৰামক।
প্রণামিয়া কহে কথা ৰামৰ আগত।
কটক সহিতে হত ভৈলেক ভৰত ॥৩১৪
দূতৰ বচনে ৰাম বাতুল পৰায় ।
একে সমৰত হত ভৈলা তিনি ভাই ॥
আৰম্ভিলা যজ্ঞ নভৈলেক সমাপতি।
হা কি কৰিলা বিধি মােৰ দৈৱ গতি ॥৩১৫
গজ বাজী প্রজা সাজি পঠাইলো বিপুল।
শিশুৰ হাতত সৱে ভৈলেক নিৰ্ম্মূল॥
ইষ্ট বন্ধু বান্ধৱক মৰাইলো সকল।
সাগৰ তৰিয়া গো-খােজত গৈলো তল ॥৩১৬