পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
লৱ-কুশৰ যুদ্ধ

লক্ষ্মণ পৰিল সেনা বিকল সকলে।
কাণ্ডাৰী নভৈলে যেন নৌকা তজবল ॥২৬৩ :
ভূমিত লক্ষ্মণ প্রভু থাকিলেক পৰি।
দশােদিশে সেনাগণ পলাইল লৱৰি॥
শত্রুঘন লক্ষ্মণ পৰিল দুই ভাই।
বৰ কষ্টে প্রাণ ৰাখি আসিলো পলাই ॥২৬৪
এৰিয়ােক ব্রত যুজিবাক হােৱা সাজ।
যেবে প্রভু ৰাখিবা অযােধ্যা নিজ ৰাজ॥
যদি বােলা আন বীৰ যায়ােক সমৰে।
ইন্দ্র সম বীৰক যে কটাক্ষ নকৰে ॥২৬৫

দূতৰ মুখত বার্তা শুনি শ্ৰীৰামচৰ শোক

দূতৰ বচন হেন শুনিয়া নৃপতি।
হা ভাই বুলি মূৰ্চ্ছা গৈলন্ত তহিতি॥
নাহিকে চেতন জ্ঞান নাহিকে নিশ্বাস।
কান্দিয়া ভৰতে যাই চাপিলন্ত পাশ ॥২৬৬
ৰামক বসাইল আঙ্কোৱালি তুলি ধৰি।
মাথাত ঢালিলা জল আথ বেথ কৰি॥
আখি মুখ মুচিলেক হাতে পানী লই।
হা দৈৱ বিধি ভৈলা হেনসে বিলাই ॥২৬৭
শুনিলা সমৰে হত ভৈলা দুই ভাই।
তাক শুনি ৰাম মূৰ্চ্ছা গৈলা সেহি ঠাই॥