পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
লৱ-কুশৰ যুদ্ধ


দানৱৰ গৰ্ভক পাইলেক সিটো ধনু।
বিপৰীত হাৰ শৰে মঞ্চ ভৈলা তনু ॥১৯৯
এবেসে মৰণ মােৰ খণ্ডিলা বিষাদ।
কটকক চাই পাচে তেজিলন্ত নাদ।।
ইঘৰে সিঘৰে যেন লাগিলেক জুই।
ক্ষণমাত্রে পুৰি যায় প্রজ্বলিত হুই ॥২০০
সেহিমতে লৱে সেনাগণ ধৰি মাৰে ।
পলায় বিভঙ্গে সেনা বহিতে নপাৰে ।।
জৈমিনি বোলে শুনা জন্মেজয় ৰায় ।।
কিছু কিছু কহিলাে লৱৰ মুনিষাই ॥২০১
তান জ্যেষ্ঠ ভাই কুশে কৰিলেক যত।
সিসৱ কাহিনী কহো তােমাৰ আগত ॥
লক্ষ্মণৰ সেনাত পশিলা কুশ বীৰ।
বিস্তৰ সেনাক নিলা যমৰ মন্দিৰ ॥২০২
লক্ষ্মণক লাগি কুশে বৰ কোপে ধাইলা।
হস্তীক দেখিয়া যেন সিংহে জাম্প দিলা।।
লক্ষ্মণে দেখন্ত কুশ বীৰ আসে ধায়।
মহাবেগে আসে যেন গৰুড় পৰায় ॥২ ০৩।
তেতিক্ষণে ধনু ধৰি কৰ্ণমানে টানি।
ভেদিলা কুশৰ হৃদি পঞ্চ শৰ হানি।।
হৃদয়ত পঞ্চ শৰ পৰি কুশবীৰে।
লক্ষ্মণক সম্বুধি মাতন্ত ধীৰে ধীৰে ॥২০৪