পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
লৱ-কুশৰ যুদ্ধ

এবেসে জানিলো তােৰ বিধি ভৈলা বক্র।
এহি বুলি লৱে পাচে তুলি লৈলা চক্র ॥১৮৮
আজি তােক মাৰিবো ৰাখন্তা নাহি কেৱ ।
চক্ৰ ধৰি লৱে আকাশক দিলা ডেৱ।।
কুপতিক দেখি যেন শেনপক্ষী যায়।
আকাশত লৱ ফুৰে চটক পৰায় ॥১৮৯
সেনাগণে দেখে লৱ ফুৰে আকাশত।।
সৰ্ব্বলােকে বােলে জানাে মৰে উপৰত।
কত ধনু পাতে কতো পাৰে দীর্ঘ ৰাৱ ।।
কতো কতাে বাৰু পাতি থাকে সৰ্ব্ব গাৱ ॥১৯০
কতো কতো পলাই ৰথৰ তল ভৈলা।
কতাে কতো লৱৰি দূৰক লাগি গৈলা।।
কতাে কতো শৰ ফুটি নােৱাৰে লৰিতে।
ভয়াতুৰ সেনামানে পৰিলা ভূমিতে ॥১৯১।
ৰামৰ সুগ্রীৱ মন্ত্রী প্রিয় অদভুত।
সেহি থানে আছন্ত তাহান দশসুত।।
একেবাৰে ধাইলা সৱে ধনু শৰ ধৰি।
দশৰো শুনিয়ো নাম ভিন্ন ভিন্ন কৰি ॥১৯২
একৰ নাম যিটো প্রেম যে অপৰ।
সুযাত্রা সুদ্ৰাহা দুয়াে তুল্য ধনুৰ্দ্ধৰ।।
চন্দ্রসেন সুসেন মুষল কেতু ভয়।
দশবীৰে লৱক হানিলা শৰচয় ॥১৯৩