পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
লৱ-কুশৰ যুদ্ধ

তথাপিতাে উপশান্ত নভৈল কুশৰ।
শৰ হানি দুয়াে ভৰি কাটিলা নাগৰ ॥
হাত ভৰি ছেদ ভৈলা পৰিলা ভূমিতে।
ধূলায়ে ধূসৰ তনু তিতিলা শােণিতে ॥১২২
নাহি হাত ভৰি নাগ লুটি পাৰি যায়।
সূৰ্যক গ্রাসিতে যেন ৰাহু আসে ধায়॥
সেহিবেলা কুশে শৰ মাৰিলেক ডাটি।
শনাইত শৰে তাৰ মাথা লৈলা কাটি ॥১২৩
সেহি শিৰগােট হবে নিলা সেহিবেলা।
আপােনা গলৰ গাষ্ঠিলা মুণ্ড-মালা ॥
সেনাপতি নাগৰ পৰিলা দুই ভাই।
পাচে কুশ গৈলা ৰাম কটকক ধাই ॥১২৪
এক এক হস্তী যেন পৰ্ব্বত আকাৰ।
তাক কাটি পেলাইলেক সীতাৰ কুমাৰ ॥
তেজে পঙ্কাকুল ৰণভূমি সমুদায়।
ফুটিলে পলাশ যেন অধিকে শুৱায় ॥১২৫
বজ্ৰতৰ শৰচোটে বহ্নি গৈলা জ্বলি।
সেনা হত ভৈল যেবে শূন্য ৰণস্থলী ॥
কুশবীৰে কটক মাৰিলা সমুদায়।
পৰাভৱ পাই সেনা দশােদিশে যায় ॥১২৬