পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
লৱ-কুশৰ যুদ্ধ

যদিবা ৰিপুক ইন্দ্ৰে ৰাখে ব্ৰজ ধৰি।
তথাপি বধিব তাক ঘোৰ ৰণ কৰি॥
যদিবা বৰুণে ৰাখে ধৰি নাগপাশ॥
তথাপি ৰিপুক ৰণে কৰিবো বিনাশ॥৯১
যদি সখা হুয়া ৰক্ষা কৰন্ত কুবেৰ।
তথাপিতো তাক মাৰি নিবো যমঘৰ‌॥
যদি যমদণ্ড ধৰি ৰাখে যমৰায়।
তথাপি মোহোৰ বৈৰী মাৰিবো নিশ্চয়॥৯২
যদি দেৱগণ বা সকলে আসে সাজি।
মোৰ ভাতৃবৈৰীক ৰাখিব কোনে আজি॥
তথাপি মাৰিবো ৰণে নকৰিবো ভয়।
মেলাইবো লৱক আজি জানিবা নিশ্চয়॥৯৩
এৰিয়ে বিলাপ বিলম্বত নাহি কাজ।
শৰ ধনু কৱচ যুদ্ধৰ দিয়া সাজ॥
যক্ষ বা ৰাক্ষস সিদ্ধ গন্ধৰ্ব্ব কিন্নৰ।
সবে যদি সখা হোৱে ভ্ৰাতৃৰ বৈৰীৰ॥৯৪
কুশৰ বচনে সীতা গৈলা অভ্যন্তৰ।
যুদ্ধৰ সকল সাজ দিলা ধনু শৰ॥
শৰ ধনু খাণ্ডা বাৰু কীৰিটি কুণ্ডল।
যুদ্ধৰ সম্ভাৰ মানে দিলন্ত সকল॥৯৫
কৰ্ণত কুণ্ডল পিন্ধি সীতাৰ নন্দন।
প্ৰণাম কৰিলা পাচে মাৱৰ চৰণ॥