পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
লৱ-কুশৰ যুদ্ধ

আঙ্কোৱালি ৰথে তুলি লৈলা তেতিক্ষণে।
লৱক জিনিয়া নিলা বীৰ শত্ৰুঘনে॥৬৬
বন্দী কৰি লৱক ৰথত লৈয়া যায়।
অনেক বিচিত্ৰ কৰি বাদ্যভণ্ড বায়॥

ঋষিবালকসকলৰ সীতাক লৱৰ পৰাজয় বাতৰি জ্ঞাপন

আৰু সীতাৰ শোক



জৈমিনি কহে শুনা জন্মেজয় ৰাজ।
বন্দী: ভৈলা লৱ ৰাম-কটকৰ মাজ॥৬৭
ঋষিৰ ছৱালসব ঘৰঘৰি গৈলা।
অথন্তৰ কথাক সীতাৰ আগে কৈলা॥
ভযু পুত্ৰ লৱ গৈলা আমাৰ লগত।
ৰঙ্গে ঢঙ্গে একেলগে আছিলো বনত॥৬৮
কোনোবা ৰাজ্যৰ ঘোৰা কটকে সহিত॥
আমাৰ আগত আসি ভৈল উপস্থিত॥
ভযু পুত্ৰ লৱে নুশুনিলা হাক ডাক।
উত্তৰী বস্ত্ৰক কাঢ়ি বান্ধিলা ঘোৰাক॥৬৯
কটকে দেখিলা ঘোৰা আছে কলগাছে।
অদভুত যুদ্ধ সেনাগণে দিলা পাচে॥
অনেক সেনাক মাৰিলন্ত তযু সুত।
তেবে সেনাপতি আগবাঢ়ি দিলা যুদ্ধ॥৭০