পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৱ-কুশৰ যুদ্ধ

শত্ৰুঘ্নৰ লগত লৱৰ যুদ্ধ

বিচিত্ৰ ৰথত চৰি সমৰক যান্ত।
কৰ্ণমানে ধনু টানি কোপত গৰ্জন্ত॥
খানিতেক ৰহ তই সমুখ সমৰে।
শিশু দেখি তোক সৰ্ব্বজনে দয়া কৰে॥৪০
হেন শুনি লৱ বীৰ কতক্ষণে আসি।
দশপাট শৰ টোণ হন্তে লৈলা বাছি॥
কৰ্ণমানে টানিয়া হানিলা দশ শৰ।
একেবাৰে দশৰো ভেদিলা কলেৱৰ॥৪১
আৰে চাৰি শৰে মাৰিলেক চাবি হয়।
এক শৰে ধ্বজ কাটি পেলাইলন্ত তয়॥
সেহি শৰে হৃদয়ক ভেদিলেক ডাটি।
পাচে আৰো শৰে শিৰ পেলাইলেক কাটি॥৪২
ৰথৰ সম্ভাৰ মানে কাটি আৰো শৰে।
ধনুৰ গুণক কাটিলন্ত আৰো শৰে॥
ৰামৰ কনিষ্ঠ ভাই সমৰে নিপুণ।
পুনৰপি ধনুত লগাইল আৰো গুণ॥৪৩
নৰাচ পট্টিস ভল্ল হানিলা বহুত।
সব শৰ সহিলেক জানকীৰ সুত॥
অনন্তৰে পুনৰপি শৰ তিনিপাটে।
ভেদিলেক বৰ চোটে লৱৰ গাৱতে॥৪৪