পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৭ )

যমুনাক হই পাৰ বীৰ শত্ৰু ঘন।
অযোধ্যাত গই কৈল ৰামক বন্দন॥
তোমাৰ প্ৰসাদে প্ৰভো মাৰিলো লবণ।
মথুৰা নগৰে বহুৱালো লোক জন॥
হেন শুনি ৰামচন্দ্ৰ দিলেক উত্তৰ।
মথুৰাত ৰাজ্য তুমি কৰা অতঃপৰ॥
পঞ্চ দিন মানে তুমি থাকা ই স্থানত।
তাত পৰে নাই বাহ মথুৰা দেশক॥
শ্ৰীৰাম লক্ষ্মণ আৰু ভৰত শত্ৰুঘ্ন।
চাৰি ভাই একেলগে হলে সম্ভাষণ॥
চাৰি ভাই পাচ দিন একত্ৰে বঞ্চিলে।
তত পাছে শত্ৰুঘন মধুৰাক গৈলে॥
মথুৰাত শত্ৰুঘন হইলেক ৰজা।
অযোধ্যাত শ্ৰীৰাম পালন কৰে প্ৰজা॥
উত্তৰা কাণ্ডৰ মাজে লবণৰ বধ।
সমাপত হৈল এবে শুনা সভাসদ॥
মই অতি মূঢ় মতি নাজানো কথন।
তথাপিতো ইটো পদ কৈলো বিৰচন॥
অজ্ঞানীৰ বচনক তুচ্ছ নকৰিবা।
ভগৱন্ত লীলা বুলি ইয়াক ভাবিবা।
কলি কালে মাত্ৰ হৰি নামে ধৰ্ম্ম সাৰ।
ইহ লোকে সুখ অন্তে পাৱয় নিস্তাৰ॥