পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৪ )

বানমুখে অগ্নি পৰে জলকে জলকে।
স্থাবৰ জঙ্গম স্বৰ্গ ৰাতল কঁপে॥
বানৰ গৰ্জ্জন শুনি দৈত্য হৈল ভীত।
বৃক্ষ শিলা প্ৰহাৰ কৰয় চতুৰ্ভীত॥
বিষ্ণুবান মুখে সব ভস্মহুয়া গৈল।
মহাবেগে বান আহি বুকত পৰিল॥
পৰিলে লবণ বীৰ দেখে সৰ্ব্বলোকে।
দেৱতাৰ শূলপাট গলে অন্তৰীক্ষে॥
জয় জয় শব্দকৰে যত দেবগণ।
শত্ৰুঘ্ন উপৰে কৰে পুষ্প বৰিষণ॥
স্বৰ্গত দুন্দুভি বাজে নাচে বিদ্যাধৰী।
আনন্দত মগ্নহলে যত সুৰপৰি॥
লবণৰ বধ কথা অমৃত সমান।
দেবৰামে দ্বিজে কয় শুনে পুণ্যবান॥
 ⸻০⸻
লবণক বধি বীৰ সুমিত্ৰা নন্দন।
কৰিলে মধুৰা পৰি অদ্ভুত নিৰ্ম্মান৷
পদ্ম কোটি ঘৰ কৈলে সুবৰ্ণ গঠন।
ক্ষত্ৰ, বৈশ্য, শূদ্ৰ আৰু আনিলে ব্ৰাহ্মণ।
অট্টালিকা সাজিলন্ত বহু সৰোবৰ
পশুপক্ষী আদি বহু থলে জলচৰ।