উদাহৰণস্বৰূপে—
দৰঙ্গীয়া ওজাই গায়— সুকবি নাৰায়ণ দেৱৰ
সুৰষ পাচালী
প্ৰয়াৰ পবন্ধে পদ
একবৈ লেচাৰী॥
নামনিৰ ওজাই গায়— সুকবি নাৰায়ণ দেৱৰ
শুৰষ পাচালী
প্ৰয়াৰ প্ৰবন্ধে পদ
একই লেচাৰী॥
উকৌ, আকোতি, সেঙ্কে, ভালকে, উটি, তষ্ঠে, হলিহা ইত্যাদি থলুৱা ভাষাৰ বহুল প্ৰচাৰ ওজা-ভাওৰীয়াৰ পৰিৱেশিত পদ সমূহত বাৰুকৈ প্ৰচলিত। ইয়াৰ আন এটা কাৰণ শিল্পী সকলৰ নিৰক্ষৰতা বা অৰ্দ্ধ শিক্ষাৰ প্ৰভাৱ বুলিও ক’ব পৰা যায়৷ আনহাতে নামনিৰ ওজাৰ মাজত নেদেখা (লিখকৰ ৫২ বছৰীয়া অভিজ্ঞতা) কিছুমান ব্যৱস্থা দৰঙীয়া ওজা দলত দেখিবলৈ পোৱা যায়। একেখন পদ্ম পুৰাণৰ পদৰ মাজত বৰ ডাঙৰ পাৰ্থক্য দেখা যায়।
মনসা পূজাৰ ভড়ৰ দিনাখন ন ভাটীয়ালি পদ পৰিৱেশনৰ মাজত কিছু নতুনত্ব দৰঙীয়া ওজাদলে পৰিৱেশন কৰে। জাকৈ লৈ শিল্পীবোৰে (ওজাত বাহিৰে) তিৰোতাৰ বেশ ধাৰণ কৰি বিভিন্ন ভঙ্গিত মাছ মৰা আদি নৃত্য কৰা দেখা যায়। সন্মানীয় শিল্পী সকলে এনে ধৰণে তিৰোতা
মানুহে মেখেলা বুকুত পিন্ধাৰ দৰে ধুতি দুজাপ কৰি বুকুত পিন্ধি খোপা