পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

উদং হাত উদং কপাল উদং গল
সেই নাৰীৰ স্বামীৰ আয়ুস যায় ৰসাতল॥

 কথাষাৰ বহুলভাবে বিশ্লেষণ কৰিলে দেখা যায় নাৰী জাতিৰ মহিয়ান চৰিত্ৰৰ আনুসঙ্গিক কিছুমান উপদেশ এইবোৰৰ মাজত নিহিত হৈ আছে। আগেয়ে উল্লেখ কৰা হৈছে পুৰুষ বা স্ত্ৰী চৰিত্ৰ গঠনত পিতৃ- মাতৃ আৰু সমাজৰ চৰিত্ৰ সদায় শিশু কালৰ পৰা গ্ৰহণযোগ্য হোৱা বাবে পিতৃ-মাতৃ সদায় সচেতন হোৱা উচিত। শিশু কালৰ চৰিত্ৰ গঠন অকল উপদেশত সীমাবদ্ধ নহৈ আৰ্হিৰ বিশেষভাবে প্ৰয়োজন। হিন্দু শাস্ত্ৰত নাৰীক মাতৃ জাতি আখ্যা দিয়া হৈছে।

নাৰী মহত্বত পুৰুষৰ ভূমিকাঃ
 ১। নাৰী সমাজৰ বা পুৰুষৰ দুৰ্ব্যৱহাৰৰ ফলত হতাশাত ভাগি পৰে৷
 ২। কোমলাঙ্গী নাৰীৰ কাম্য হৃদয়ৰ প্ৰকৃত মৰম, আৱদাৰ।
 ৩। নিসঙ্গতাই নাৰীৰ দৈহিক, মানসিক সকলো দিশত ক্ষতিকাৰক হ'ব পাৰে।
 ৪। মহানুভৱতাই নাৰী শক্তিক উচ্চ শিখৰত আৰোহন কৰাব পাৰে।

 সৃষ্টি, স্থিতি, প্ৰলয় যি নাৰীৰ হাতত বুলি শাস্ত্ৰ সমূহে দঢ়াই দঢ়াই কৈছে কোনো কোনো ক্ষেত্ৰত তেনে নাৰীক ধৰ্মৰ ভিত্তিত হীনমন্য কৰাও দেখা যায়। নাৰীক অৱহেলিত কৰা মানে নিজৰ মাতৃক অৱহেলিত কৰা হৈছে। উদাহৰণ স্বৰূপে ক’ব পাৰি নদীৰ গৰাখহনীয়াৰ দৰে ভদ্ৰ

সমাজখনত খহনীয়া আৰম্ভ হৈছে। সাধাৰণ মানুহৰ কথা বাদে বহু নামী

৬৩