পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ


পদ : আমি যেন পিতা তোৰ চান্দ সেহি মত।
মাতৃ হেন সনেকাক ভাবিবা মনত।।
ৰজনী প্রভাতে বাচা শুই নাথাকিবা।
ছয় জাঁৱৰ লগত আই পানীৰ ঘটে যাব।
আগত নাযাবা আই পিছত নেজাবা
আগ পাচ চাই আই পানীত নামিবা
স্নান কৰিবা পিন্ধিবা উত্তম বসন।
পাৱ পখালিয়া পুনু চলাবা ৰন্ধন।।
অন্ন ব্যঞ্জন আই যতনে ৰান্ধিবা ।
প্ৰথমৰ চাউল মুঠি শিৱ নামে দিবা ।
অন্ন হলে অন্ন দিবা শহুৰ সদাগৰে।
তাৰ পিছত অন্ন দিবা অতিথিৰ গোচৰে।।
তাৰ পিছত আন্ন দিবা সোনাই শাহুৰী।
ছয় জনক দিবা অন্ন ভিন্ন ভিন্ন কৰি।
তাৰ পৰা দিবা অন্ন স্বামী লক্ষিন্দাৰ।
পীৰা পানী দি স্বামীৰ ধৰিবা যোগাৰ।।

 এই উপদেশ অকল বেউলাৰ বাবে নহয় সমস্ত নাৰী জাতিৰ বাবে। এনে মহত্বপূর্ণ আদর্শ চিৰ গ্রহণযোগ্য। নাৰী জাতিৰ স্বকীয় স্বাভীমানত এনেবোৰ আদৰ্শই সোণত সুৱগা চৰাই ৷

 হিন্দু বিবাহিত নাৰীৰ ক্ষেত্ৰত তেনে কিছু উপদেশ এই কলাই

প্ৰকাশ কৰে।

৬২