সকলে পদন সন্নিবিষ্ট ৰস সঞ্চাৰ কৰিবলৈ সক্ষম হয় তেনেহলে সভাসদৰ
চকু সেমেকি উঠা, আন কিছুমানে মুখত কাপোৰ দি চকুলো টোকা
সাধৰণতে দেখা যায়। ভাটীয়ালি পদৰ বন্ধাধৰা ৰাগ ৰাগিনী সমূহ
কালক্ৰমত হেৰাই যোৱাৰ উপক্ৰম হৈছে। বহু ওজাপালী দলত দেখা
যায় কঠিন ৰাগ ৰাগিনী সমূহৰ ঠাইত কিছু সহজ দিহা বা পদৰ মালিতাৰে
পদবোৰ আগবঢ়াই নিয়ে। নতুন ওজাপালী দল সমূহত শুকন্নানীৰ সুৰৰ
পৰিৱৰ্ত্তে কিছু আধুনিক সুৰ সংযোজন কৰা দেখা যায়। জ্ঞানী ব্যক্তি
সকলে এইয়া প্রাচীনতম কলা বিধৰ মানদণ্ড নিম্নমানৰ কৰা বুলি আক্ষেপ
কৰে। ভাটীয়ালি পদত যি মাদকতা আন কতো তাক উপলব্ধি কৰিব
নোৱাৰি ৷ গভীৰ নিশা যেতিয়া নীলক্ষ সাগৰত বেউলাই উপাই বিহীন
হৈ দিকভ্রষ্ট কালত দেৱী মনসাক স্তুতি কৰিছিল৷
দিহা : অনে মাই তাৰা গো এভব সাগৰে
- গৌৰী ৰাখাহা আমাৰে৷
এই দিহাখন যেতিয়া পূৰ্ণ ৰসেৰে ওজাপালী গায়, নিদ্রামগ্ন জনেও এবাৰ কাণ ঠিয় কৈ এই ৰাগৰ ৰস আচ্ছাদন কৰে। ভাটীয়ালিত আছে শোকাকুলা মাতৃ হৃদয়ৰ কৰুণ বিননি। স্বামীহাৰা বেউলাৰ তিনিমাহে নিৰ্গত অ বিচিন্ন চকুৰ লোতক। তাৰ মাজে মাজে আছে হাঁহিৰ সফুৰা৷ ডাইনাপালিৰ ৰসাত্মক আলোচনাই কাব্যিক ৰসক বেছি শ্ৰুতি মধুৰ কৰি তোলে। আনহাতে কাহিনীভাগ সঁচাকৈ নাৰী সমাজৰ কু-সংস্কাৰবোৰ আঁতৰাই সুসংহত এখন সমাজত গঢ়াত বিশেষভাৱে অৰিহণা যোগায়।
নাৰী সমাজৰ সৌৰ্য্য বিৰ্জৰ প্ৰতীক বেউলা। বেউলাৰ কৰ্মৰাজী অনুধাৱন
৩৭