পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


 ১। গণেশৰ পূজা

 ২। মহাদেৱৰ পূজা

 ৩। ব্ৰহ্মাৰ পূজা

 ৪। বিষ্ণুৰ পূজা

 ৫। মনসাৰ পূজা

 ৬। নাগৰ পূজা

 বন্দনাৰে বন্দনা পৰ্ব সমাপ্তি কৰা হয়। উল্লেখ থাকে যে যদি কোনো দেওধা বা দেওধ্বনী উপস্থিত থাকে এইখিনি সময় তেওঁলোকৰ বাবে প্রসঙ্গ। যদি থাকে ওজাপালী বন্দনা গাৱ, দেওধা দেওধনী নৃত্য কৰিব ৷ ওজাৰ বন্দনাত দেওধনী, দেও পূজা কৰে। বুঢ়াগোঁসাই, কেচাই খাইতী, সুভাশেনী আদি দেৱ দেৱীক বিভিন্ন ধৰণে পূজাৰ কৰাৰ পাছত ঢুলীয়াই বিভিন্ন প্ৰকাৰৰ বাজনাৰে দেওধনীক নৃত্য কৰাব। নৃত্য কৰি ভাগৰি পৰাৰ পিছত উল্লেখ থাকে যে নাচিবৰ সময়ত দেওধা দেওধনীৰ হাতত বেট, বলিকটা দা আদি লৈ নৃত্য প্ৰদৰ্শন কৰে। মুখত জুই লৈ বলিকটা দাৰ ওপৰত উঠি নৃত্য কৰি বিভিন্ন ভঙ্গিমা প্ৰদৰ্শন কৰে। ইয়াৰ পিছত দেওধা বা দেওধনী অজ্ঞান হৈ যায়। ওজাদলৰ শিল্পী তেওঁক যথা স্থানত বহুৱাই দিয়াৰ পিছত দেওধা বা দেওধনীক দেৱীৰ শক্তি প্রাপ্ত অনুভৱ কৰি বিভিন্নজনে বিভিন্ন প্ৰকাৰে প্ৰশ্নৰ উত্তৰ বিচাৰে।

 এটা সময়ত এনে ধৰণেৰে দেওধা, দেওধনী আৰু ওজাপালীৰ

এই পৰ্বৰ সমাপ্তি হয়।

২২