লোককলা ওজাপালি আৰু সমাজ
জীৱন নিৰ্বাহৰ ছবিখন অতি কৰুণ আৰু চিন্তনীয়। অর্থাৎ কলা সাধন
কৰি দিন হাজিৰা কৰা মানুহৰ ন্যায় এওঁলোকে জীৱন যাপন কৰিব লগা
হয়। একোজন চিনেমা শিল্পী, থিয়েটাৰৰ শিল্পী, ক্রিকেটাৰ, ফুটবল তাৰকাৰ
পাৰিশ্ৰমিক কোটি বা লাখৰ সংখ্যাত নিবদ্ধ, কিন্তু দেশীয় কলাকাৰ সকলৰ
পৰিশ্ৰমিক হেজাৰৰ ঘৰলৈ যাবলৈও কুণ্ঠাবোধ কৰে ৷ আনহাতে এনেবোৰ
কলা মানুহৰ ঘৰে-চোতালে হয়, গাওঁৰ নামঘৰত ৰাইজে দিয়া দান-বৰঙণিৰ
জৰিয়তে প্রদর্শিত হয়। সেয়েহে সাধাৰণ গাঁওবাসী এই শিল্পীচামক উচিত
মূল্য দিব নোৱাৰে বা দিয়াতো সম্ভৱ নহয়। অতি আচৰিত যিবিধ কলা
নহলে ধৰ্মীয় অনুষ্ঠান সমূহৰ সৌষ্ঠৱ নাইকিয়া হৈ যাব, ধৰ্মীয় পৰম্পৰাত
ব্যাঘাত জন্মিব তেনে এবিধ কলা জীয়াই ৰখাৰ দায়িত্ব দেশৰ চৰকাৰৰ
হোৱা উচিত ৷ ইয়াক জীয়াই ৰাখিবলৈ দেশৰ চৰকাৰখনে উদ্যোগ ল'ব
লাগিব। জনপ্রতিনিধিসকলে নিজৰ অঞ্চলৰ কলা-কৃষ্টি সমূহ বিকাশত
অগ্রণী ভূমিক গ্ৰহণ কৰিব লাগিব। সদনত এই কলা কৃষ্টি সমূহৰ
ৰক্ষণাবেক্ষণ সম্পর্কে আলোচনা কৰি তাৰ ওপৰত বিজ্ঞান ভিত্তিত
গৱেষণা, আলোচনাৰ মাধ্যমেৰে কলা সমূহৰ মানদণ্ড নিৰ্ধাৰণ কৰি দেশৰ
কলা-সংস্কৃতিক ৰক্ষণা-বেক্ষণ দি জাতীয় সম্পদ সমূহৰ বহুল প্ৰচাৰ কৰি
বিশ্ব মঞ্চলৈ আগবঢ়াই নিয়াৰ প্ৰচেষ্টা দেশীয় চৰকাৰৰ কৰণীয় ৷
ওজাপালী ভাওৰীয়া অতি কঠিন কলা। একেলগে আঠ দহ ঘণ্টা পৰিৱেশন কৰা, পৰিশ্ৰম কৰা বৰ কষ্ট। ধৰ্মীয় পৰম্পৰাৰ লগত সংগতি ৰাখি এই কলাবিধে অতীজৰ পৰা পৱিত্ৰ ভাৱৰ বশৱৰ্ত্তী হৈ লঘোনীয়া
পেটেৰে বন্দনা সমূহ পৰিৱেশন কৰে।
১৪