পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


অভিমত

 লোক-কলা বা পৰিৱেশ্য কলাই অসমৰ লোক-সংস্কৃতিত বৈচিত্র প্রদান কৰিছে। লোক-সংস্কৃতি হ’ল এক জীৱন্ত পৰম্পৰা, এক নিৰৱচ্ছিন্ন প্ৰৱাহ ধাৰা। এটা সম্প্ৰদায় বা নৃগোষ্ঠীৰ সামগ্ৰীক জীৱন পদ্ধতিৰ নামেই লোক-সংস্কৃতি। লোক- সংস্কৃতিৰ এক অন্যতম উপাদান হ’ল লোক পৰিৱেশ্য কলা। লোক পৰিৱেশ্য কলাৰ পুতলা নাচ, খুলীয়া, ঢুলীয়া, নাগাৰা নাম আদিৰ উপৰিও উল্লেখযোগ্য নাটকীয়া পৰিৱেশ্য কলা হ’ল ওজাপালী। অসমৰ বিভিন্ন লোকনাট্য অনুষ্ঠানত ওজাপালীৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। এই পৰিৱেশ্য কলা সমূহে অসমৰ সামাজিক, সাংস্কৃতিক পৰিৱৰ্ত্তনৰ আহিলাৰূপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰাক-শংকৰী যুগৰো আগৰ এইবিধ কলা সৰ্বভাৰতীয় অর্ধ নাটকীয় তথা পৰম্পৰাগত নৃত্য সমূহৰ ধ্বজাবাহক। অসমৰ সামাজিক-ধৰ্মীয় পৰম্পৰাত বিশেষকৈ পূজা-পাৰ্বন, সভা- সমিতি, লোক-উৎসৱ আদিত ওজাপালীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু সম্প্রতি এইবিধ কলাই নতুন প্ৰজন্মক বিশেষভাৱে আকৰ্ষিত বা প্ৰভাৱিত কৰিব পৰা নাই । আধুনিক সমাজ ব্যৱস্থাই হয়তো এইক্ষেত্ৰত হেঙাৰ ৰূপে থিয় দিছে।

 প্ৰভাত হালৈয়ে তেখেতৰ জীৱনৰ প্ৰায় দুই-আঢ়ৈকুৰি বছৰ ওজাপালী সংস্কৃতিৰ লগত জড়িত হৈ অসমৰ গাঁৱে-ভূঞে অনুষ্ঠান পৰিৱেশন কৰি ভালেমান সমাজৰ অভিজ্ঞতা বুটলিছে। তাৰেই আধাৰতে তেখেতে “লোককলা ওজাপালী আৰু সমাজ” নামাকৰণেৰে এখন পুথি প্ৰকাশ কৰি উলিয়াবলৈ প্ৰয়াস কৰিছে। পুথিখনে পঢ়ুৱৈৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা ৰাখিলোঁ।


কেন্দ্রীয় কাৰ্য্যনির্বাহক সদস্য

অসম সাহিত্য সভা