পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭১ ]

পদ্মৰাজিৰে পৰিশোভিত সৰোবৰবোৰ চকুৰ আগত ৰাখিলেও, সুখাদ্য ভোজনেৰে মনৰ তৃপ্তি সাধিলেও আৰু দেববাঞ্চিত বেশ-ভূষা পৰিধান কৰিলেও, নিজৰ জনম ভূমিত থকা পজাটিলৈ যে কেতিয়াবা কেতিয়াবা মন বিয়াকুল হয়, ই মানুহৰ স্বাভাবিক লক্ষণ। তেনে স্থলত লাবণ্যৰো যে মন লৰা নাছিল, এনে নহয়। কেৱল ৰক্ষণশীল হিন্দু সমাজৰ হেচাত পৰি “ত্ৰাহি ! ত্ৰাহি !!” যে কৰিব লাগিব ইত্যাদি ভাবিহে মনৰ ভাৱ মনতে মাৰ খেদাইছিল।
 এতিয়া গছ-লতা উভয়েৰে মন-বঠাৰ খাব এফালে ললে যেতিয়া আৰু কি থিৰেৰে থাকিব পাৰে ? লাবণ্যই যথা সম্পত্তি বেছি ৫০০ ৰূপ হাতত লৈ ভট্টাচাৰ্য্যৰ ওচৰত মেলানি মাগি, লীলা আৰু পোনাটিৰে সৈতে শুভদিনত নিজ ঘৰৰ পিনে যাত্ৰা কৰিলে।

— — —